পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৬৫
 

সাৰথিও নাই নাই
 কিম্বা চাকি-বন্তি জোৰ।

১৯

নিগমে মৰিলোঁ মই,
 কোন্‌ কেনি আছাঁহক
উধাবাঁহি আজি এই
 দিনকণা অধমক।

২০

এনে নো ধেন্দেলা মোক
 বিধিয়ে কৰিলে হায়!
উহ! কি কপাল-পোৰা—
 ভৰিও পিছলি যায়!

২১

খোজে পতি ঘৰামুটি,
 ঘনে টেলেঙনি খাওঁ;
‘সহায় সহায়’ কৰি।
 ইপিনে সিপিনে চাওঁ!

২২

নেপাওঁ কেনিও হায়!
 এখনি সহায়-হাত;
নুশুনো কেনিও হায়!
 এষাৰি শুৱলা মাত।