পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
জ্ঞান-মালিনী
 

কেনি নো যাবগৈ লাগে,
 চকুৰে নমনো মই;
খুন্দা ও খন্দনি খাই,
 যেনি তেনি পৰোঁগই।


আমাৰ নিচিনা এনে
 দুখীয়া লেহেৰা, দেও!
এই বিশ্ব-বজাৰত
 নাই আৰু ক'তো কেও!


সি দেখি মাতিছোঁ মই,
 অত যে মিনতি কৰি;
আহা,–আহাঁ, ভাইহত!
 নিয়া মোকো বাহু, ধৰি।


বেচি তো নেলাগে মোক,
 এফেৰি পোহৰ মুঠে;
তাকে পালে উলাহতে,
 হিয়া মোৰ নাচি উঠে।


এটপি চকুৰ লো,
 এখনি কোমল হিয়া,