পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
জ্ঞান-মালিনী
 

পৰিছহি তয়ো তেনে ফাঁকটিত,
 আশা-ফচুলনি পাই;
কিন্তু এনি তোৰ ইযে আয়ু-নই,
প্ৰতি পলে পলে, গৈছে বই বই।
গমি, টলি, দেখোঁ, তাকো চাবলই
 কান্‌-সাৰে (ই) তোৰ নাই।

১৮

দেখি শুনিও যে, হে আবুজন!
কিয় দিনে ৰাতি কৰ ‘ধন ধন’?
 কিয় গেলাইছ কঠীয়াৰ কণ,
এনে সোৰোপালি কৰি?
নেজান নে তোৰ এই খেতি খন
অলপতে হায়! পৰি যাব চন্‌?
অলপতে তোৰ ভাগি ভিকাচন্‌,
 যাবি আনে-বানে লৰি?

১৯

নৱ পামলই পৰস্তে নো তই,
ৰাহি নোহাকই শুদা হাতে গই,
কঠীয়া নো পাছে সিচি কেনেকই,
 ৰুবি পৰমাৰ্থ ধান?
এই ধনে-ধানে নাহিব তো কাম
নহব যে তাত্‌‌‌‌ এই নামে নাম,
দাবগৈহে যদি পাৰ সেই পাম,
 তেহে ৰ'ব তোৰ মান?

শ'ক ১৮১৮
১৫ ফাল্গুন।