পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
৫১
 

আন কি যে ভূতী সজাটিকো থই,
নিজ আছুতীয়া ‘মই’ কেহে লই,
এটি এটি কই আছে নিতে গই,
 যেয়ে আহিছিলে যেনে।

১৫

যদি বিচাৰিছ ভৱিষ্যৰ হিত,
তেন্তে দিনে ৰাতি কৰি ‘বিত বিত’,
নপৰিবি তই মায়া-ফাকটিত,
 আশা-ফচুলনি পাই;
চাৰি!—কেনেবাকৈ পৰু যদিস্যাত,
চকু-লোৰে আৰু নেদেখিবি বাট,
ওবে ৰাতি দিনে সিজি কামনাত,
 হ'বি জ্বলি-পুৰি ছাই!

১৬

এই পথাৰলৈ য'ত আহিছিলে,
য়্যাৰ পৰা কচোঁ কোনে কিটো নিলে?
প্ৰায় সকলোকে ইহে ফাঁকি দিলে,
 মুঠে দু'এজন এৰি;
এই ধনৰেহে লোভ দেখুৱাই,
যত দিন থাকে, ৰাখে টু-টুৱাই,
কাঢ়ি লই, পাছে দিয়ে উলিয়াই,
 লাভে মূলে দুয়ো ফেৰি॥

১৭

ক্ৰমে দেখিছোঁহি— কৰি ‘বিত বিত’—
হেলাৰঙে খাটি হাল-যুৱলীত,