পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্পত্তি কি ধন সোণ,    কিম্বা সুপুত্ৰীয়া গুণ,
  অকামিলা অধমৰ নাই একো নাই।
কিন্তু মুঠে আছে বোলোঁ—   এযুৰি চকুৰ লো,
  নিশাত-ফুটিপৰা এটি হুমুনিয়া,
মউ-সনা আই মাত,    আল-ধৰা দুটি হাত,
  এখনি নীৰস বুকু মৰু-সমনীয়া।


শক ১৮১৮
১ বহাগ।
মফিজ।