পৃষ্ঠা:জ্ঞান-মালা.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
জ্ঞানমালা।

তুমিনো কিয় চৰাই পোৱালিটিক এটা সজাত সদায় বন্ধ কৰি থব খুজিছা? এই নিৰ্জ্জু পোৱালিটিৱে তোমাৰ এনে কি জগৰ কৰিলে যাৰ কাৰণে চিৰকাল বন্দী ৰাখি তাক যন্ত্ৰণা দিবা? তুমি যি ৱ্যবহাৰ আনৰ পৰা পাবলৈ ভাল নোপোৱা তেনে ৱ্যবহাৰ আনৰ লগত কৰা তোমাৰ উচিত নহয়। পশুপক্ষী বিলাকে কথাৰে ফুটাই মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰে হয় কিন্তু আমাৰ দৰে সিহঁতেও সুখ দুখ বুজিব পাৰে। নেদেখানে মৰম কৰি হাত বুলালে আনন্দত সিহঁতৰ চকু কেনে উজ্জ্বল হৈ উঠে, দবিয়ালে মনৰ দুখত সিহঁতে কেনে কোচ্‌ মোচ্‌ খাই যায়? আমি বলী বুলি অত্যাচাৰ নকৰি সিহঁতক দয়া কৰাহে যুগুত। সৌৱা চোৱাচোন মাক বাপেক হালে কেনেকৈ কিচ্‌ মিচ্‌ কৰি কান্দিব লাগিছে। ইমান কাঠচিতীয়া নহবা। যোৱা পোৱালিটি বাহত তুলি দিয়াগৈ। ৰামে চৰাইৰ পোৱালি পাই ইমান পৰ একোলকে কান দিয়া নাছিল। পিতাকৰ কথা শুনি দেখিলে মাক বাপেক হালে অথিৰ হৈ ইটো ডালৰ পৰা সিটো ডালত পৰি ব্যাকুল ভাবে কান্দিব লাগিছে। ৰামৰ মনত হল যেন কিচ মিচ কৰি চৰাইৰ মাতেৰে ৰামক কাবৌ কৰি কৈছে “নিনিবা, নিনিবা আমাৰ