এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞানমালা।

লৈছে মাথোন। চাৰিও কাষৰৰ বায়ুতকৈ এই ভাপবিলাক পাতল বুলি লাহে লাহে ওপৰলৈ উঠিব ধৰে। তলৰ বায়ুতকৈ ওপৰৰ বায়ু চেঁচা, সেই কাৰণে ঠাণ্ডা লাগি আকৌ অণুবিলাক পৰম্পৰ লগালগি হৈ পানীৰ কনিকা ৰূপে চকুৰে মনিব পৰা হয়। এই বিলাকেই ডাৱৰ। ওপৰৰ চেঁচা বতাহবিলাক আৰু বেচি চেঁচা হলেই ডাৱৰৰ অণুবিলাক আৰু বেচি ঘন হৈ বেচি গধুৰ হোৱাত বতাহে ধৰি ৰাখিব নোৱাৰা হলেই বৃষ্টিৰূপে মাটিত পৰেহি। ভাপ, ডাৱৰ আৰু পানী একে পদাৰ্থই; খালি তাপ পালে ভাপৰ ৰূপ ধৰে, ঠাণ্ডা লাগিলে ডাৱৰ হয় আৰু বেচি ঠাণ্ডা লাগিলে বৰষুণ ৰূপে আকৌ পানীৰ ৰূপ ধৰে।



হেম।

 হেমৰ আজি বৰ ৰঙ্গ। পিতাকে এখনি সৰু কোৰ আৰু কিছুমান গছৰ গুটি দি হেমক বাগিচা কৰিবলৈ ঠাই দেখুৱাই দিছে। নতুন চকচকীয়া কোৰ আৰু নানাবিধ গছৰ গুটি পাই হেমৰ বুকুত আনন্দই নধৰা হৈছে। অলপ দিনৰ ভিতৰতে নানাবিধ গছেৰে বাগিচা