পৃষ্ঠা:জুৰণি.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৬(ট)
জুৰণি।
 
কমলাকান্ত ভট্টাচাৰ্য্য।

‘অগ্নি-কবি’ নামে তুমি অসম-বিদিত,
‘চিন্তানল’ চিতকাষে বহি যোগিবৰ।
গণি গণি পূৰ্ব্বকীৰ্ত্তি আঁখি উন্মিলিত,
হিয়াত উতলা ভাব তাপিত প্ৰাণৰ!
ৰিঙিয়াই চউপাশে—ভৈয়ামে পৰ্ব্বতে,—
তুলিছিলা প্ৰতিধ্বনি জাতি উটঙ্গাই;
এলাহ-টোপনি ভাঙ্গি, নিন্দাবাণী স’তে,
ভ্ৰমি বহু কীৰ্ত্তিস্থল,—নুশুই-নেখাই!
অভিজ্ঞানবিশাৰদ,—দাৰ্শনিক কবি,
আছিলাঁ বিতৰি আৰু মৌলিক চিন্তাৰ
প্ৰখৰ ময়ুখ মথি,—সন্ধিয়াৰ ৰবি,—
আত্মতত্ত্ব পৰমাৰ্থ জ্ঞানৰ বিস্তাৰ।
আছোঁতে চৌৰাশী বৰ্ষ নিবোকীয়া ছবি,
টুপুৰাই মাৰি বুৰ পালাঁগৈ সিপাৰ।

মোখনী সম্‌পূৰণ।