পৃষ্ঠা:জুৰণি.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জুৰণি

মানৱ চকুত পৰে তিল তিল কৰি,
তথাপি বলিয়া নৰ জেউতি বিচাৰি!
বাহ্যিক চকুৰে দেখা ওপৰে ওপৰে,
ক্ষন্তেকীয়া শোভা তাৰ চাওঁতেই হৰে!
প্ৰকৃত সৌন্দৰ্য্য-ধাৰ তলে তলে বয়,
ভাবুক চকুত ৰেখ ঠৰে ঠৰে বয়;—
বিচিত্ৰ ওৰণী ভেদি প্ৰকৃতিৰ মায়া,
বিৰিঙ্গি ওপঙ্গি ফুৰে সৌন্দৰ্য্যৰ ছাঁয়া।

চকু-ৰোৱা মন-মোহা তত্ত্বগ্ৰাহী শোভা,
কবিৰ হিয়াত মাথোঁ জ্বলে পুণ্য প্ৰভা।


বাঁহী।

যি বাঁহী সুৰত পমা গোকুলৰ ৰাণী,
বংশীধাৰী পিচ-ধৰা ষোল শ গোপিণী;
যি সুৰে হৃদয় পশি মুগ্ধ সংসাৰীৰ,
বৈৰাগ্য ভাবত কৰে উদাস অস্থিৰ;
তাপিত বিৰহী প্ৰাণ যি সুৰে উদ্ধাৰি,
কল্পনা ৰথত তুলি সাজে বংশীধাৰী;
খৰতৰ ধাৰে যোৱা প্ৰেমনদী হাঁয়,
যি সুৰে বলিয়া কৰি উভতি বোৱায়।