পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জিলিকনি।
⸺:০:⸺
ঈশ্বৰ।
(‘Thou Ard God,’ নামে ইংৰাজী কবিতাৰ ভাঙ্গনী। )

|

হে ঈশ্বৰ, তুমি হোৱাঁ জীৱন-পোহৰ,
দেখোঁ মানে আচৰিত বস্তু জগতৰ;
নিশাৰ জোনাকী হাঁহি, দিনৰ পোহৰ,
তোমাৰ জেউতি মাথোঁ, চিন গৌৰৱৰ।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।

সুৰুঙ্গাৰ মাজে মাজে ৰঙ্গা ডাৱৰৰ,
সন্ধিয়াৰ ৰঙ্গা বেলি বিতৰে পোহৰ;
সোণোৱালি জিলিকনি চাই একে থৰে,
ভাবোঁ আমি সেই পিনে বাট স্বৰগৰে;
ৰঙ্গালি বেলিৰ সেই কোমল কিৰণ,
উজ্জ্বল জেউতি প্ৰভু, তোমাৰ সৃজন।