পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬২)

আমাৰ অমিত্ব তোমাতেহে পায় লয়,
নদ নদী সাগৰলৈ যেনে ৰূপে বয়,
নিষ্কাম কৰম-ব্ৰত যেন সিদ্ধি হয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময়।

হিয়া-ভেদী মোৰ ইচ্ছা নিজৰিণী বয়,
অতি সৰু, ক্ষীণ গতি, বাটতেই ৰয়,
দিয়াঁ শক্তি দিনে দিনে যেন বই গই,
তযু ইচ্ছা মহা সিন্ধু তাতে পায় লয়,
কুলু কুলু মাতে যেন ওৰে বাটে কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।


অন্ত।