পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৬ )
 

২২

গুণৱন্ত যিটোজন ধৰ্ম্মপৰায়ণ,
তেওঁৰে জানিবা হেৰাঁ সাৰ্থক জীৱন।
কোনো গুণ নাই যাৰ অধৰমী জন,
নিষ্ফল জনম তাৰ নিস্ফল জীৱন।

২৩

ক্ষমা, দয়া, প্ৰেম, আৰু সৰলতা গুণে,
সেৱা, নম্ৰতাৰে, সত্য সাদৰী বচনে,
স্বাৰ্থ পৰিহৰি কৰা পৰ উপকাৰ,
তাতে বশ হব হেৰাঁ জগৎ সংসাৰ।

২৪

সুন্দৰ স্বভাৱে কৰে জানিবা নিশ্চয়,
স্বৰ্গ, মৰ্ত্ত্য, পাতালৰ সকলোকে জয়;
সজ আচৰণ যাৰ, চৰিত্ৰ সুন্দৰ,
অসাধ্য সাধন হয় সেই পুৰুষৰ।

২৫

হেলাতে জানিবা সৰ্ব্ব কাৰ্য্য নষ্ট পায়,
দৰিদ্ৰ দশাত লোকে বুদ্ধি হেৰুৱায়;
নাথাকে নিজৰ মান পৰত মাগিলে,
কুল-কীৰ্ত্তি নাশ পায় কুকৰ্ম্ম কৰিলে।