পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীবন সঙ্গীত।

(কবি Longfellow-ৰ ‘A Psalm of Life’ নামে ইংৰাজী কবিতাৰ ভাঙ্গনী)

শোকৰ কবিতা ৰচি, দুধাৰি চকু-লো মচি,
 নকবা জীৱন মিছা নিশাৰ সপোন;
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই,
 মোহময় মায়াময় সকলো মাথোন।

পুত্ৰ কন্যা পৰিবাৰ  কোন তযু তুমি কাৰ
 বুলি হেৰা অবাবত নকৰাঁ বেজাৰ;
কলা-ঘুমটিয়া হই,  আতমা যে আছে বই,
 জানিবা মৰণ নাই এই আতমাৰ।

অস্থায়ী মানৱ দেহা,  কৰিম দুদিন বেহা,
 ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত;
দুদিনৰ অন্ত হলে,  আয়ুষ ঢুকাই গলে,
 সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।