পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
জাননী।

 এই “জিলিকনি” পুথিখন কেৱল আমাৰ ওচৰত কিনিবলৈ পোৱা যায়। যাক লাগে আমলৈ লিখিব। বেচ খনে চাৰি অনা মাথোন। ডাক মাচুল সুকীয়া। আসামৰ শিক্ষা-বিভাগৰ ডিৰেক্টৰ মহোদয়ে এইখন পুথি সকলো হাইস্কুল আৰু মজলীয়া ইংৰাজী স্কুলৰ যষ্ঠশ্ৰেণীৰ পাঠ্যৰূপে নিৰ্দিষ্ট কৰিছে।

জৰ্জ ইনষ্টিটিউচন কো অপৰেটিভ ষ্টোৰ
লিমিটেড।
ডিব্ৰুগড়।