পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)

বাপেকীৰ সংসাৰত
 ফুলিলোঁ হালেই,
বাঢ়িলোঁ আনন্দ মনে
 আলৌলোৱা হই।

একেলগে পুথি লই
 পঢ়িবলৈ যাওঁ,
একেলগে আকাশলৈ
 চিলা উৰা চাওঁ।

একেলগে আমনিৰ
 কুলিক সিঞাৰোঁ,
বালি-ধূলি লই হাঁয়!
 কত ৰং কৰোঁ।

য়ো বহি চোতালত
 কত নাম গাওঁ,
ঘেত বিজুলী দেখি
 তধা লাগি চাওঁ।