পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

দুদিন দুসাঁজ আহি
 সংসাৰত খালি,
দুদিনলৈ বাপেকীৰ
 ঘৰ পোহৰালি।

আজলী বিজুলী তই
 মেঘৰ মাজত,
দুদণ্ডলৈ পোহৰাই
 লুকালি আঁৰত।

8

কলৈ গলি কোন দেশে
ক’ত্‌ ঠাই ললি,
নুফুলে নে আৰু বাৰু
সৰা ফুল-কলি;

সি ঠাই কিমান দূৰ,
ক’ৰ নিজানত,
দুনাই কি দেখাদেখি
নহব লগত?