পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)
২৪

নতুন বছৰে দিছে সোৱাঁৰাই
 আমাক আপোন কাজে,
নতুন উছাহে হও বলা সবে
 বিজয়ী জগৎ মাজে।

২৪

সৌভাগ্য-বেলিৰ চোৱাঁ জিলিকনি,
 পোহৰে পূবত সৌৱা,
বিজয় পতাকা উৰুৱাই বলাঁ,
 উলাহ-সঙ্গীত গোৱা।

⸺ঃ⸺
আজি আৰু কালি।
(কবি Charles Mackay-ৰ “Today and Tomorrow” নামে ইংৰাজী কবিতাৰ ভাঙ্গনী। )

সৌভাগ্যই লাগ দিলে, যদি কেতিয়াবা,
 ফুল ফুল আমাৰ বাটত, •
কেতিয়া চাপৰি তুমি সিফুল গোটাবা?
—আজি, হেৰাঁ আজিৰ দিনত।