পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)
২০

অতীতৰ কথা অতীতৰ ব্যথা
 ভবাৰ সকাম নাই,
সোণালী সুযোগ জানি বৰ্ত্তমান
 কামত ধৰাঁহি ভাই।

২১

ওপৰে ঈশ্বৰ দয়াময় পিতা,
 তলত মানুহ ভাই,
বুকে সাহ বান্ধি বলাঁচোঁ সকলো
 —সাহ বিনা সিদ্ধি নাই।

২২

কুলু কুলু কুলু সততে তটিনী
 সাগৰ উদ্দেশে বয়,
আমি কি থাকিম উদ্দেশ পাহৰি,
 মায়াত বিভোল হই।

২৩

নীল আকাশত হাতী-পটি মাজে
 তৰাবোৰে পাতে থুল,
সেই বুলি দেখোঁ তৰাই নকৰে
 আপোন কক্ষৰ ভুল।