পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চোৱা চকু মেলি নবীন পুৱাত,
 নীলিম আকাশ মাজে,
নবীন বছৰ অনন্ত শয্যাত,
 জনমে সোণালী সাজে।

আশাৰ প্ৰতিমা আদৰি-সাদৰি
 হিয়াত কৰি থাপন,
নৱ বৰষক নবীন উছাহে
 আনোঁ কৰি আবাহন।

 

পুৱঁতি নিশাৰ কুলিয়ে পুৱাতে
 মঙ্গল-উৰুলি গাই
নৱ বৰষৰ দিলেহি জাননী
 মলয়াৰ জুৰ বাই।

 

হেঙ্গুলী বেলিৰ নতুন কিৰণে
 গগন উজ্জ্বল কৰে,
বনদেবী সবে ফল-ফুল আনি
 তোমাৰ যোগান ধৰে।