জানিবাঁ সন্তাষা মোৰ, দৰ্শক মণ্ডলি।
এৰিবাঁ যতেক গায়, বিলায় কালত।
হৰিব্ অন্তৰে যাওঁ পুণ্য ৰাজ্যলই,
পালি মোৰ মহাব্ৰত, ইহ জনমৰ।
পালোঁ দেখা অন্তিমত স্বামীৰ চৰণ;
জানিছোঁ সজ্ঞানে মোৰ সফল কামনা,—
স্বামী মোৰ আছে নিৰাপদে। নাই আৰু
জীৱনৰ প্ৰৱল কামনা;—আছে মাথোঁ,
সংসাৰত ৰল দুটি পোনা। আশীৰ্বাদ
কৰিছোঁ দুটিক; দুপৰ-সুৰুজ দৰে,
উঠি দুয়োটিয়ে বঢ়াব গৌৰৱৰাশি
ইন্দ্ৰবংশী ৰজাসকলৰ। নাভাবিবাঁ,
নাই অৰ্থ এই পীড়নৰ। দোষ নাই
পীড়ক ৰজাৰ; অস্ত্ৰ মাথোঁ তেওঁ হাঁয়,
বিধিৰ হাতত।— আৰু মোত্ কথা নাই।
হৰিষ্, অন্তৰে মাগোঁ, বিদায় সবাকে;
মাগিছোঁ বিদায় আৰু, ইহ জনমৰ,
স্বামী চ-ৰ-ণ-ত। (মুৰ্চ্ছা)
৩য়, চাউডাং।—উঠ, ককাইহঁত, আমি কাম সাধিলোঁ!
২য় চাউডাং।—হয়, লোকে নাম ললেই।
১ম, চাউডাং।-ললে নে? ৰ,জীৱটো ধিপ্ধিপাইছে দেখোন
এঃ,আকৌ কেৰ্মেৰাইছে! হেৰঔ, নাচাপিৰিঔ,নাচাপিবি
পুৰি নমৰিবি। দহিব, দধিব। চকু চাঁত্মাৰি
ধৰিছে। (কেইওটা মাটিত চেপেটাখাই পৰে।)
পৃষ্ঠা:জয়মতী.pdf/৯৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
জয়মতী