পৃষ্ঠা:জয়মতী.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় গৰ্ভাঙ্ক।

ৰজাৰ ভিতৰ-চৰা।
(ৰজা, বেজবৰুৱা, ন্যায়সোধা-গোহাঞি-ফুকন, বৰপাত্ৰ গোহাঞি ডাঙ্গৰীয়া)

ৰজা।— (নৰিয়া-শয্যাত চাটিফুটি) উঃ, আঃ, হাঃ!

বেজবৰুৱা।— বিষম বিকাৰ।
 সাংঘাতিক বায়ুবৃদ্ধি। আপুনি বঢ়ালে
 আগেয়ে নকৰি কাণ, থাকোতে সামান্য।

বৰপাত্ৰ।— নকলে আমাকে কেৱেঁ।

ৰজা।— (উন্মাদ হৈ শয্যাৰপৰা উঠি) অহ, ঘূৰিছে পৃথিবী!
 ঘূৰে ঘৰ গছ তা দেখিছোঁ যতেক।

(ৰাজমাওৰ প্ৰৱেশ)

ৰাজমাও।— কি হল বাছাৰ হাঁয়।
 কিয় এনে চাটিফুটি, কিন্তু দেখে ঘুৰা
 স্থিৰ ঘৰ-বাৰী?

বেজবৰুৱা।— বকিছে প্ৰলাপ।
 নহবাঁ অধীৰা মাও! নাই কোনো ভয়;
 হব শীঘ্ৰে উপশম।

ৰজা।— ধৰ্‌, ধৰ্‌, ধৰ্‌, নিয়ে মোক উৰুৱাই?

ন্যায়-ফুকন।— চোৱাঁ হেৰা বেজদেৱ, দেখিছোঁ বিষম!

বৰপাত্ৰ।— ৰক্ষা কৰাঁ মহাপ্ৰভু!
 পাপৰ নিকাৰ দেখোঁ ভূঞ্জে হাতে হাতে!