পৃষ্ঠা:চিন্তা-কলি.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
চিন্তা-কলি

হৈছে, মীনাৰাম, গঙ্গাধৰ, গোবিন্দ, গোপীকান্ত, আৰু মতিৰাম ইহঁতে বাটত ইৰিকিটি-মিৰিকিটি খেদিব লাগিছে, আমিও খেলোঁ গৈ বল।” এই বুলি ঘনেপতি হাতত ধৰি টানিবলৈ ধৰিলে। মোৰো মনটো লাহে লাহে কিতাপৰপৰা ওলাই বাটত ৰং কৰি থকা লৰাজাকৰ ফালে ঢাল ললে। মই কিতাপ জপালোঁ, চাকি নুমালোঁ, আৰু ঘৰৰপৰা ওলাই গৈ আনবোৰৰ লগত ইৰিকিটি-মিৰিকিটি খেলিবলৈ ধৰিলোঁ। স্কুল বন্ধ হলে যে দুপৰীয়া অলপ লিখা-পঢ়া কৰিবা, তাৰে উপায় নাই। দুষ্ট-মই আহি তাচ্, খেলিবলৈ লগ ধৰে, আৰু ময়োঁ তাৰ লগ পাই দিনটো তাচ্, খেলি ফুৰোঁ। এইদৰে ফুৰাত মই স্কুলত পঢ়া দিব নোৱৰা হলোঁ। মাষ্টৰে সদায় মোক বেঞ্চৰ ওপৰত থিয় কৰি থয়, আৰু কেতিয়াবা কেতিয়াবা এছাৰিও লগায়। স্কুলত পঢ়া দিৰ নোৱৰা কথা ক্ৰমে ক্ৰমে পিতাদেউৰ কাণত পৰিল। তেখেতেও এদিন দয়া মৰম এৰি মোৰ পিঠিত ভালকৈ এজাউৰি শোধালে, তেও মই দুষ্ট-মইৰ লগ এৰিব নোৱাৰিলোঁ, সদায় তাৰ কথাত বলিয়া হৈ ফুৰোঁ। ইয়াৰ শেষ ফল হল গৈ যে, মই বছৰেকীয়া মহলাত উঠিব নোৱাৰিলোঁ, আৰু সেই বাবে “প্ৰমোচন” নাপালোঁ। তেতিয়া মই স্কুলৰ পঞ্চম শ্ৰেণীত পঢ়োঁ। প্ৰমোচন নাপালত পিতাদেৱে জানিলে যে মই গুচিলোঁ, মোৰ আৰু পঢ়া-শুনা নহল। তেও ত'ত মোক স্কুলৰপৰা নেৰুৱাই মাচুল দি আছিল। মই কেতিয়াবা অলপ পঢ়োঁ,