চাণক্যই সকলো শত্ৰু ধ্বংস কৰিলে বুলিও বাক্ষস মন্ত্ৰীৰ
চুলি এডালকে অনিষ্ট কৰিব নোৱাৰিলে। মন্ত্ৰীয়ে যিমান পাৰে
চন্দ্ৰগুপ্তৰ অনিষ্ট কৰিবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে। সপুত্ৰ
নন্দৰ মৃত্যুত হোৱাৰ পিচতো চন্দ্ৰগুপ্তৰ ৰাজ্য লাভ বেগতে নহৈছিল। বুদ্ধিমন্ত ৰাক্ষস মন্ত্ৰীয়ে সৰ্বাৰ্থসিদ্ধি নামেৰে বাজভাতৃক
ৰজাপতি চাণক্য আৰু চন্দ্ৰগুপ্তৰ বধৰ কাৰণে নানাৰকম ৰড়যন্ত্ৰ
কৰিবলৈ ধৰিলে আৰু ৰজা প্ৰজা সকলোকে চন্দ্ৰগুপ্তৰ বিৰুদ্ধে
ঠিয় কৰিলে। কিন্তু একোতেই মন্ত্ৰীৰ বাসনা সিদ্ধি নহল।
চাণক্যৰ বুদ্ধি কৌশলত সকলো ব্যৰ্থ হল। চাণক্যই বিপক্ষ
দলক তল কৰি দুরুহ প্ৰতিজ্ঞা সাগৰ পাৰ হল। ননন্দৰ সিংহাসনত
চক্ৰ গুপ্তক স্থাপিত কৰি নিজে মন্ত্ৰী পদ গ্ৰহণ কৰিয়ে।
কাৰ্য্যৰ গতিকে ৰাক্ষস চাণক্যৰ ঘোৰ শক্ৰ হলেও মন্ত্ৰীৰ
নিঃস্বাৰ্থ প্ৰভু ভক্তি, বৰ্ত্তব্য কাৰ্য্যত পৰায়ন, অতিশয় বুদ্ধিমান আৰু
অতি আচৰিত মন্ত্ৰনা কৌশল দেখি মনে মনে চাণক্যে তেওঁক
ভক্তি কৰিছিল। চানক্যে এইটো জানিছিল যে “মই যি কুটীল
নীতিত দীক্ষিত হৈছোসি মোৰ নিচিনা ব্ৰাহ্মণৰ অতি কলঙ্ক আৰু
গৰ্হিত কাৰ্য্য। মই প্ৰতিজ্ঞা পূৰ্ণ হোৱাত এই পথ সোনকালে
এৰিব লাগে। কিন্তু এই প্ৰভূভক্ত মৰ্চী চন্দ্ৰ গুপ্তৰ বিপক্ষ হৈ
থাকিলে তেওঁক বাৰু কেতিয়াও নিষ্কণ্টক নহয়। ইয়াকে ভাবি
স্থিৰ কৰিলে যেনে উপায়েৰে হওক ৰাক্ষসক হাত কৰি তেওঁকেই
মন্ত্ৰীপদত নিযুক্ত কৰা হওক। এই মন্ত্ৰী সহায় ধাকিলে চন্দ্ৰগুপ্তৰ
কেতিয়াও ভয় নাই। আৰু ৰাজপদো নিষ্কণ্টক হব; ৰাজ্যও
স্তীক্ষ্ণ দূত প্ৰয়োগতঃ। তদ্দু ৰাস্তৰিতিং দুতং পশ্যেদ্ বীৰ সমমিড়, হিতোপদেশ বিগ্ৰহ।