পৃষ্ঠা:চাণক্য.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৸৶৹)

চেলু বিচাৰিবলৈ ধৰিলে। তেওঁ ভাবিলে যেনেকৈ হাবিজুইয়ে হাবিপোৰে তেনেকৈ ঘৰৰ শত্ৰুয়ে ঘৰৰ সৰ্ব্বনাশ কৰে। সেই কাৰণে তেওঁ ৰজাৰ ঘৰৰ আত্মকন্দল বিচাৰিবলৈ ধৰিলে। তেওঁ মন্ত্ৰীৰ মুখৰ পৰা জানিলে যে ৰজাৰ জ্যেষ্ঠ পুত্ৰ চন্দ্ৰগুপ্ত অতিশান্ত স্বভাব, বুদ্ধিমান, কৃতজ্ঞ আৰু সাহিয়াল। চন্দ্ৰগুপ্ত ভায়েক হঁতৰ দৌৰাত্ম্যত অতি উৎপীড়িত আৰু বিৰক্ত। তেওঁকে হাত কৰিলব পাৰিলে কাৰ্য্যসিদ্ধিৰ সুযোগ ঘটিব। ইয়াকে থিৰ কৰি তেওঁক আৰু ৰজাৰ বেটী এজনাক হাত কৰি ললে। তেওঁ লোকৰ দ্বাৰা ৰজাৰ সকলো ভিতৰুৱা বাতৰি জানিব পাৰিলে। তাৰ পাচত বন্দ্ৰগুপ্তক ৰজা পাতিম বুলি অঙ্গীকাৰ কৰি নিভৃত তপোবনত গোপনে অবস্থানপূৰ্ব্বক সেই বিলাক গৃহশত্ৰুৰ সহায়ত নন্দ বংশ ধ্বংস কৰিলে। তেওঁ যেনেকৈ নন্দ আৰু তেওঁৰ পুতেক কেইজনক মাৰিলে প্ৰভুভক্ত মন্ত্ৰী ৰাক্ষসৰ অশেষ যত্ন যেনেকৈ বিফল কৰিলে সেই বিষয়ে মুদ্ৰা ৰাক্ষস নামে প্ৰসিদ্ধ সংস্কৃত নাটকত বিস্তাৰিতৰূপে লিখা আছে অৱশেষত শকটাৰ মন্ত্ৰীয়ে নন্দ মৰাৰ পিচত নিজকৃত ৰাজদ্ৰোহ পাতকৰ প্ৰায়শ্চিত্তৰ নিমিত্তে অনাহাৰে অৰণ্যত প্ৰাণত্যাগ কৰিলে। [*]


 *^ কোনো কোনোৰ মতে শকটাৰ মন্ত্ৰীয়ে নিজেই ৰাজাক বধ কৰিলে। তাৰপিচত নন্দৰ পুতেকহঁত্ কিছুমান দিন ৰাজত্ব কৰোতে চন্দ্ৰগুপ্তই চাণক্যৰ মন্ত্ৰনা আৰু বুদ্ধি কৌশলত ভায়েকহঁতক বধ কৰি ৰজা হয়। কোনোৰ মতে চাণক্যই শ্ৰাদ্ধস্থলত অপমান পাই তপোবনত তিনিদিন অভিচাৰ সাধন কৰে। পূজাৰ আয়চা নিৰ্ম্মালি শকটাৰলৈ পাঠায় দিয়ে। মন্ত্ৰীয়ে সেই বিষময় নিৰ্ম্মালি এজনী বেটীৰ হতুৱায় ৰজাৰ অন্তেষপুৰলৈ পঠায় বেটীয়ে কোনো উপায়েৰে সেই নিৰ্ম্মালী ৰজা আৰু ৰাজকুমাৰহঁতৰ গাত লগায় দিলে। সেই নিৰ্ম্মালী গাত লগাত তেওঁ লোক তিন দিনৰ ভিতৰতে পৰে। কোনো কোনোৱে কয় যে চাণক্যই গুপ্তচৰৰ হতুৱাই নন্দক বধ কৰে। যেনে - “নন্দং জঘান চাণক্য