পৃষ্ঠা:চাণক্য.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪২)

সেহিমতে অল্প অল্প আৰ্জ্জি বহুধন।
অল্প অল্প কৰি শিখিবেক বিন্যাগণ॥
অল্প অল্প কৰিয়া ধৰ্ম্মত দিব মতি।
এতেকে কৃষ্ণৰ পাৱে বাৰিবে ভকতি॥
লোকে পুচে বাপু তুমি কেনে আছা ভালে। (৯২)
সম্বুধি বোলয় বাপু আছোহো কুশলে॥
মুখে মাত্ৰ কহন্ত নুগুণি সিটো মনে।
সূৰ্য্যৰ লগত আয়ু যায় দিনে দিনে॥
শৰীৰত থাকিবে অনেক গুণগণ। (৯৩)
বহু বিদ্যা শিখিবন্ত কৰিয়া যতন॥
এক তিলে শৰীৰ হৈবন্ত ছাৰখাৰ।
বিদ্যাৰে সে মান্য থাকে চন্দ্ৰ দিৱাকৰ॥
যেন সৰ্প ক্ৰূৰ জাতি না পায় তাৰ মন। (৯৪)
তাহাতো অধিক ক্ৰূৰ খলুয়া দুৰ্জ্জন॥
মন্ত্ৰ যদি শুনে সৰ্প চপৰান্ত শিৰ।
বিস্তৰ ভাষিলে দুষ্ট জন হৱে ধীৰ॥


(৯২) লোকঃ পৃচ্ছতি সদ্বাৰ্ত্তাং শৰীৰে কুশলং তব।
 কুতঃ শৰীৰ মম্মাকম্ আয়ুৰ্য্যাতি দিনে দিনে।
(৯৩) ... ... ... ...
(৯৪) সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ ক্ৰূৰতৰঃ খলঃ
 মন্ত্ৰৌষধি বশঃ সৰ্পঃ খলঃ কেন নিবাৰ্য্যতে।