পৃষ্ঠা:চাণক্য.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)

পাছে যদি হিতচিন্তে সেহি বন্ধুজন। (৮৪)
নিজ মিত্ৰে শক্ৰ জানা এহিসে কাৰণ॥
যেন মহা দুখ দেই শৰীৰৰ ব্যাধি।
মহা উপকাৰী যেন বনৰ ঔষধি॥
জানিবাহা নিষ্ট কৰি সেহি পটন্তৰ।
কাহলো প্ৰমান ইটো অধম মিত্ৰৰ॥
অতি দান অতি দৰ্প নুহিকন্ত ভাল। (৮৫)
অতি ৰূপৱতী কন্যা নুহিকন্ত ভাল॥
অতি দানে বলী ৰাজা পাইলেক বন্ধন।
অতি দৰ্পে নষ্ট ভৈলা লঙ্কাৰ ৰাবন॥
অতি ৰূপে সীতাৰ দুখৰ নাহিপাৰ।
তিনিয়ো নুহিকে ভাল জানা সাৰে সাৰ॥
অনেক বৃক্ষৰ ফল মধুৰস খায়। (৮৬)
তথাপিতো কোকিলৰ মদ গৰ্ব্ব নাই॥


(৮৪) ... ... ... ... ... ...
(৮৫) অতিৰূপে হৃতা সীতা (১) অতি মানেচ কৌৰবাঃ
 অতিদানে বলিৰ্ব্বদ্ধঃ সৰ্ব্বমত্যন্ত গৰ্হিতং।
(১) অতিদৰ্পে হতা লঙ্কা—পাঠান্তৰে।
(৮৬) দিব্যং চূতৰসং পিত্বা ন গৰ্ব্বং যাতি কোকিলঃ,
 পিত্বা কৰ্দ্দম পানীয়ং ভেকো মক মকায়তে।