পৃষ্ঠা:চাণক্য.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)

মধ্যস্থ সকলে মাত্ৰ দেখে আয় ব্যয়।
সুহৃদে দেখয় ব্যয় আয় নেদেখয়॥
ব্ৰাহ্মণ হোৱন্ত তুষ্ট সম্পূৰ্ণে ভোজনে। (৭৯)
ময়ুৰ পক্ষীৰ তুষ্ট মেঘৰ গৰ্জ্জনে॥
পৰৰ কল্যানে সাধু সব তুষ্ট মতি।
চোৰ খলুয়াৰ ৰঙ্গ পৰৰ বিপত্তি॥
একক তেজিয়া তভু ৰাখিবে কুলক। (৮০)
কুলক তেজিয়া সবে ৰাখিবে গ্ৰামক॥
গ্ৰামক ৰাখিয়া নিজ প্ৰাণ ৰাখিবেক।
আপুনি নৰিলে পাছে দেশচাৰিবেক॥
কোকিল পক্ষীৰ ৰূপ সুস্বৰ বচন। (৮১)
স্ত্ৰীৰ ৰূপ সেৱা কৰে স্বামীৰ চৰণে॥
বিদ্যাৰ সমান ৰূপ নাহি পুৰুষৰ।
ক্ষমাৰ সমান ৰূপ নাহি বৈষ্ণবৰ॥


(৭৯) নৃত্যন্তি ভোজনে বিপ্ৰাঃ ময়ুৰাঃ মেঘঃদৰ্শনে
 সাধবঃ পৰ সম্পৎসু খলঃ পৰ বিপত্তিষু
(৮০) ত্যজে দেব কুলস্যাৰ্থে গ্ৰামস্যাৰ্থে কুলং ত্যজেৎ॥
 গ্ৰামং জন পদং স্যাৰ্থে আত্মাৰ্থে পৃথিবীং ত্যজেৎ॥
(৮১) কোকিলানাং স্বৰোৰূপং নাৰীপং প্ৰতিব্ৰতং
 বিদ্যাৰূপং কু পানাম্ ক্ষমা ৰূপং তপস্বনাম্॥