পৃষ্ঠা:চাণক্য.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

ধনহীন ভৈলে   কুলীনে অধম
  জানিবা নিষ্ঠ বচন।
শুনা সভাসদ   চাণক্যৰ পদ
  ওপজে মনত জ্ঞান।
ইহাক শুনিলে   প্ৰস্তাৱৰ বাক্য
  ফল হবে এহিমান॥
বহু সম্পদক   দিবাক নপাৰে
  সাৰিবে নপাৰে গতি।
প্ৰস্তাৱৰ কথা   জানি চাণক্যৰ
  ৰচিলোঁ পদ সম্প্ৰতি॥
হেন জানি আক   হেলা নকৰিবা
  শিখিলৈয়ো অবিশ্ৰাম।
গুৰুৰ চৰণে   হৃদয়ে ধৰিয়া
  ডাকি বোলা ৰাম ৰাম॥


পদ।

চোৰ বৈৰী গৃহস্থৰ আয়ক দেখয়। (৭৮)
কদাচিতো ইটো দুই ব্যয় নেদেখয়॥


(৭৮) ... ... ... ... ... ...