পৃষ্ঠা:চাণক্য.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৬ )

সবে পৰ্ব্বতত  মানিক না থাকে (৭১)।
 কোনো পৰ্বতত থাকে।
সমস্ত হস্তীত  মুকুতা না থাকে
 নিশ্চয় জানিবা তাকে॥
সকল ব্ৰাহ্মণ  সাধু নুহিকন্ত।
 আছে কতো থানে থানে।
কতোহো বনত  চন্দন থাকন্ত
 নথাকন্ত সব বনে॥
পাঞ্চিলেসে জানি  ভূতৰ লক্ষণ (৮২)
 কেনে মতে সেৱা কৰে।
বান্ধৱৰ চিন  আপদত পায়
 এবে কিবা চাপি ধৰে॥
নিদান কালত  মিত্ৰৰ প্ৰমান
 ভাল মন্দ বুজি পায়।
দৰিদ্ৰ কালত  ভাৰ্য্যাৰ প্ৰমাণ।
 থাকে বা এৰিয়া যায়।


(৭১) শৈলে শৈলে নমাণিক্যং মৌক্তিকং ন গজে গজে।
সাধবো নহি সৰ্ব্বত্ৰ চন্দনো ন বনে বনে।
(৭২) জানীয়াৎ প্ৰেষণে ভৃত্যান্ বান্ধবান্ ব্যসনাগণে।
মিত্ৰং চাপদিকাৰ্লেচ ভাৰ্য্যাংচ বিভৱক্ষয়ে।