পৃষ্ঠা:চাণক্য.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)

প্ৰাণী উপকাৰ   ধৰ্ম্মক জানিবে
  নকৰিব বহু গৈদ্য।
আপোনাৰ গুণ   গুৰুক নেৰিব
  সেহি সে ৰাজাৰ বৈদ্য॥
সমস্ত শাস্ত্ৰৰ   তত্ত্ব জানিবেক (৫৯)
  জপ হোম কৰে নিত।
আশীৰ্ব্বাদ কৰে   নিতে যিটো জন,
  সেহি ৰাজ পুৰোহিত।
ৰাজনীতি কথা   নৃপতি সবৰ
  কহিলোহো এহিমান।
অন কথা যেবে   কহো শুনিয়োক
  বিদ্যাৰ যেন প্ৰমান॥
ডাহিন পাৱক   আগে থাপিবেক (৬০)
  পাচে দিবে বাম পায়।
যিটো বুদ্ধিমন্ত   আগ পাচগুণি
  চলিবেক এহি ভায়॥


(৫৯) বেদ বেদাঙ্গ তত্ত্বজ্ঞো জপ হোম পৰায়ণঃ
 আশীৰ্ব্বাদ বচোযুক্ত এষ ৰাজ পুৰোহিতঃ।
(৬০) চলত্যেকেন পাদেন তিষ্ঠত্যেকেন বুদ্ধিমান্।
 শা সমীক্ষ্য পৰং স্থানং পূৰ্ব্বমায়তনং ত্যজেৎ॥