পৃষ্ঠা:চাণক্য.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২৪ )

সমস্ত কাৰ্য্যত  সূচক হৈবন্ত
 বুজিবে সবে অৰ্থক॥
কথা সুধিবাক  নহৈব আলাস
 সবাতে সমান মতি।
দণ্ড অধিকাৰী  সেহিটো জনক
 পাতিবেক নৰপতি॥
ইঙ্গিত অ৷কাৰে  কাৰ্য্য বুজিবেক (৫৪)
 হৈব কিছু বলৱন্ত।
নৃপতিক যিটো  হিত মানি মনে
 সদীয় সেৱা কৰন্ত॥
পঞ্চিলে কৰ্ম্মক  অলাস নকৰে।
 সাধি আসে প্ৰতিনিত।
নৃপতি সকলে  পঞ্চিবাক লাগি
 সেহি সে দূত উচ্চত্ত॥
ধনু আদি কৰি  খড়গ চৰ্ম্ম গদা (৫৫)
 সমস্তক যিটো জানে।


(৫৪)দূতং চৈব প্ৰকুৰ্ব্বীত সৰ্ব্বশাস্ত্ৰ বিশাৰদম্,
ইঙ্গিতাকাৰ চেষ্টজং গুচিং দক্ষং কুলোদগতং।
(৫৫) গজাশ্বৰথ চৰ্য্যাসু শিক্ষিতং সুজিতশ্ৰমম্
খড়্গ যুদ্ধ নিযুদ্ধেষু শীঘ্ৰং,চঙক্ৰমক্ণষমং
ব্যহতজ্ঞ বিধানজ্ঞঃ ফল্গুসাৰ বিশেষবিৎ
ৰাজ্ঞো সেনাপতিঃ কাৰ্য্যো ভ্ৰমণ ক্ষতয়ো ইখবা