পৃষ্ঠা:চাণক্য.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(২৩)

আছে বহু কথা আক শুনা যত্ন কৰি।
পাপ নষ্ট হোক ডাকি বোলা হৰি হৰি॥

দুলৰী।

গুণবন্ত চাই আপোন প্ৰজাই
 পাতিবে সবে প্রজাক।
শুনা কৌতুহলে  নৃপতি সকলে
 লগত ৰাখিব যাক॥
অতি কুলৱন্ত হৈব গুণ (৫২)
 স্বভাবে অতি গম্ভীৰ ।
সত্য ধম্ম যত   সবে জানিবস্তু
 দয়ালু হেবন্ত থিৰ॥
পাঞ্চিলে কৰ্ম্মক  কৰন্তু সত্ৰৰে
 নকাৰি মনে আলাস।
সহি সে জনক  নৃপতি সকলে
 আনি চপাইবেক পাশ॥
দয়াবন্তু অতি সুথিৰ হৈবন্তু। (৫৩
 জানিবে ধৰ্ম্ম কস্মক।
(৫২)-------------------
(৫৩)-------------------