পৃষ্ঠা:চাণক্য.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

 আজিকালি ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতিৰ নিচিনা নগণ্য জাতি নাই বুলিলেও বঢ়াই কোবা নহয়। যি জাতি নগণ্য তাৰ ভাষা আৰু সাহিত্যও যে লেখৰ বাজ তাক কোৱাৰ সকাম নাই। কিন্তু দুশ বা আঢৈশ বছৰৰ পূব্বলৈকে আমাৰ দেশৰ মানুহৰ আৰু তেওঁবিলাকৰ ভাষা আৰু সাহিত্যৰ যে এনে শোচনীয় অবস্থা নাছিল তাক বুৰঞ্জীৰ পাঠক মাত্ৰেই জানে। যি দেশৰ মানুহক আৰংজেবৰ নিচিনা প্ৰৱল প্ৰতাপী দিলীৰ সম্ৰাটে সদৌ চেষ্টা কৰিও কৰতলীয়া কৰিব নোৱাৰিলে, যি দেশৰ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত বীৰ বুলি প্ৰতিগণিত হৈছিল আৰু যি দেশৰ ৰজাই নলন্দাৰ মেলাত শিলাদিত্যৰ সমানে মান পাই ছিল, সেহ দেশ যে এ সময়ত ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰসিদ্ধ দেশ আছিল তাক কোনো নিৰপেক্ষ মানুহে অস্বীকাৰ কৰিব নোৱাৰে। যি দেশৰ ভাষা আৰু সাহিত্য আলোচনা কৰি ডাক্তৰ গ্ৰিয়াবচনৰ নিচিনা এজন বিদগ্ধ পণ্ডিতেও, এসময়ত অসমীয়া সাহিত্য বঙ্গদেশৰ সাহিত্যতকৈয়ো চহকী আছিল বুলি মত প্ৰকাশ কৰিছে, সেই ভাষা আৰু সাহিত্য যে এসময়ত অতি সমৃদ্ধি শালী আছিল তাক আওকথকী মানুহত বাহিৰে কোনেও নুই নকৰে। কিন্তু আমি আজিকালি “ৰণত পৰি কলীয়া হৈছোঁ আৰু তেল নাই কিয়াত ফঁপৰীয়া হৈছোঁ”। অসমীয়া জাতিয়ে, অসমীয়া ভাষাই আৰু অসমীয়া সাহিত্যই আকৌ পূৰ্ব্বৰ গৌৰৱ