পৃষ্ঠা:চাণক্য.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

কৈকেয়ী যেহেন নৃপতিত লাই পাই।
ৰামক পঠাইলা বনে দেশৰ ডকাই॥
সূৰ্পনখা লাই পায় ৰাম লক্ষণত।
সীতাক খাই বাক খোজে ৰামৰ আগত॥
লাই পাই গোপীগণে ৰহস্যৰ বেলা।
গোপীগণে কৃষ্ণক কৰিলা অৱহেলা॥
জানিকেহো দুৰ্জ্জনক নেদিবাহা লাই।
দুষ্টৰ কাৰণে আপুনিয়ো দুখ পাই।
ভালে থাকে মানে সজ্জনক সেৱা কৰে।
ছল পাইলে সেই নৃপতিক পাৰিধৰে॥
ধনী বৈদ্য যথাত নাথাকে দ্বিজবৰ। (১৫)
ৰাজা নদী না থাকিলে নবান্ধিবা ঘৰ॥
এহি পঞ্চ না থাকিলে নৰহিবা তাত।
শুনা এবে কহিবো বিশ্বাস নাহি যাত॥
নদীত বিশ্বাস নাহি নাৱৰ লক্ষিত। (১৬)
শৃঙ্গী অস্ত্ৰধাৰীৰ নুবুজি তাৰ চিত।


(১৭) ধনিনঃ শ্ৰোত্ৰিয়ো ৰাজা নদী বৈদ্যন্ত পঞ্চমঃ
  পঞ্চ যত্ৰ ন বিদ্যন্তে তত্ৰবাসং নকাৰয়েৎ॥
(১৬) নখিনাংচ নদীনাংচ শৃঙ্গিণাং শস্ত্ৰ ধাৰিণাং।
  বিশ্বাসো নৈব কৰ্ত্তব্যঃ স্ত্ৰীষু ৰাজকুলেষুচ॥