পৃষ্ঠা:চাণক্য.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)


চোৰত নাহিকে সত্য নাহি দুৰ্জ্জনত। (২)
স্ত্ৰীকুলে নাহিকে সত্য নাহি চাকৰত॥*
অৰণ্য মধ্যত পুষ্প ঘ্ৰাণ মাত্ৰ পাই। (৩)
ঘোৰ অৰণ্যত আনিবৰ শক্য নাই॥
বিদুৰৰ বন্ধু ভৈলে জানা সেহি প্ৰায়।
আছে বুলি জানি তাক দেখিতে নাপায়॥
ৰূপৱন্ত গুণৱন্ত যুবত শৰীৰ। (৪)
উত্তম কুলত জন্ম পৰম গম্ভীৰ॥
বিদ্যা হীন ভৈলে তাক নকৰে প্ৰকাশ।
পলাশ ফুলৰ যেন হানি গন্ধ বাস॥
দুষ্ট ভাৰ্য্যা শঠ মিত্ৰ দুৰ্জ্জন লস্কৰ। (৫)
নাহি কন্ত উদগতি সিটো গৃহস্থৰ॥


(২) ••• ••• ••• •••
(৩) ••• ••• ••• •••
(৪) ৰূপযৌবন সম্পন্না বিশাল কুল সম্ভবাঃ
  বিদ্যাহীনা নশোভন্তে নিৰ্গন্ধাইব কিংশুকাঃ।
(৫) দুষ্টা ভাৰ্য্যা শঠং মিত্ৰং ভৃত্যশ্চোত্তৰ দায়কঃ
  সসৰ্পেচ গৃহে বাসো মৃত্যুৰেব নসংশয়ঃ।
ৰিজোৱাঁ।—
 চোৰত গৰুত সত্য নাহিকে কিঞ্চিৎ।
 বৈদ্যত নাহিকে সত্য নাহি মদাহীত॥