পৃষ্ঠা:চাণক্য.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাণক্য।

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

জয় জয় কৃষ্ণদেৱ অনাদি অনন্ত।
পৰম পুৰুষ সদানন্দ ভগৱন্ত॥
তোমাৰ চৰণে কৰোঁ কোটি নমস্কাৰ।
হৃদয়ত থকি জ্ঞান দিয়োক আমাৰ॥
তযু কৃপা বিনে সবে মিছা পুৰুষাৰ্থ।
তযু অনুগ্ৰহ বিনে সবে হয়ে ব্যৰ্থ।
এতেকে তোমাৰ পাৱে কৰোহোঁ কাতৰ।
পদ বিৰচিবে মন কৰোঁ চাণক্যৰ॥
হৃদয়ত থাকি জ্ঞান দিয়ো প্ৰতি নিত।
বহু কথা দেখি পদ বিৰচিবোঁ চিত॥
সমস্ত শাস্ত্ৰৰ কথা কহন্ত চাণক্যে।
প্ৰস্তাৱৰ বাক্য ব্যক্ত কৰিবোঁ উৎসুকে॥
নপঢ়য় আন শাস্ত্ৰ ইহাক পঢ়য়।
তথাপিতো সিটো সভা পণ্ডিত হোৱয়॥