পৃষ্ঠা:চাণক্য.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৷৴)

( ১\ )

জাতবেদা ইবাৰ্চ্চিম্মান্ বেদান্ বেদবিদাং বৰঃ।
যোহধীতবান্ সুচতুৰশ্চতুৰোহুপ্যেক বেদবৎ॥
যস্যাভিচাৰবৰ্জেণ বৰ্জ্ৰজ্বলনতেজ্বসঃ।
পপাতমূলতঃ শ্ৰীমান্ সুপৰ্ব্বা নন্দ পৰ্ব্বতঃ॥
একাকী মন্তশক্ত্যা যঃ শক্ত্যা শক্তিধৰোপমঃ।
আজহাৰ নৃচন্দ্ৰায় চন্দ্ৰগুপ্তায় মেদিনীম্॥
নীতিশাস্ত্ৰামৃতং ধীমানৰ্থ শাস্ত্ৰমহোদধেঃ।
সমূদ্দয়ে নমস্তসৈ বিষ্ণুগুপ্তায় বেধসে।

 সেই গ্ৰন্থৰে এঠাইত লিখা আছে ব্ৰহ্মাই প্ৰজা পালনৰ কাৰণে এক লক্ষ অধ্যায়ৰ ত্ৰিবৰ্গ বিষয়ক নীতিশাস্ত্ৰ প্ৰণয়ন কৰে। স্বায়ম্ভূৰ মনুয়ে সেই শাস্ত্ৰৰ ধৰ্মপ্ৰকৰণ লৈ এখন নীতিশাস্ত্ৰ ৰচনা কৰে। বৃহস্পতিৰ বাহল্য অৰ্থশাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি চাণক্যে এখন নীতিশাস্ত্ৰ ৰচনা কৰে। * ইয়াৰ এটা প্ৰমাণ যে অনেক ঠাইত বৃহস্পতিৰ শ্লোক আক শ্লোক অংশেষে চাণক্য শ্লোক মিল দেখা যায়। কেইটামান উদাহৰণ স্বৰূপে তলত দিয়া হল।

১। যো ধ্ৰুবাণি পৰিত্যজ্য অধ্ৰুবাণিচ সেবতে॥
ধ্ৰুবাণি তস্য নশ্যন্তি অধ্ৰুবং নষ্টমেবচ॥
২। গুণবন্তং নিবুঞ্জীত গুণহীনং বিবজ্জয়েৎ।
পণ্ডিতস্য গুণাঃ সৰ্ব্বে মুখে দোবাশ্চ কেবলম্॥


  “তথ৷ চোক্তং কানসূত্ৰেহম্মদগুৰুণা, 'প্ৰজাপতিহ প্ৰজা সৃষ্টা তাসাং স্তিতিনিবন্ধনং ত্ৰিবৰ্গস্য শাসনম্ অধ্যায়নাং শত সহস্ৰানগ্ৰে প্ৰোবাচ। তস্যৈক বেশং স্বায়ম্ভূবো মনুধৰ্ম্মাদিকাৰৈং পৃথক চকাৰ। বৃহস্পতিৰৰ্থাধিকাধিকমিতি। তত্ৰলক্ষাধ্যায়তৃতীয় তৃতীয়াংশেন কোটি গ্ৰন্থবিস্তৃতং সম্ভাব্যত এবাৰ্থ শাস্ত্ৰম্। তদেবগাম্ভীৰ্য্যাৎ মহ৷ প্ৰমাণত্তাচ্চ মহোদধিৰিব। তস্মাৎ যউদ্দধ্ৰে উদ্ধৃতবান।”