পৃষ্ঠা:চাণক্য.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৶)


মহাভাৰতৰ ৰাজধৰ্ম্ম আৰু এঠাইত আছে।–

বিশালক্ষশ্চ ভগবান্ কাব্যশ্চৈব মহাতপাঃ।
সহস্ৰাক্ষো মহেন্দ্ৰশ্চ তথাপ্ৰাচেতসে৷ মনুঃ॥
ভাৰদ্বাজশ্ব ভগবান্ তথা গৌৰশিৰামুনিঃ।

 মহাভাৰতৰ পিচৰ গ্ৰন্থ বিলাকতো নীতিশাস্ত্ৰ বিষয়ে এনে বহুত প্ৰমান আছে। কামন্দক-নীতিৰ প্ৰাচীন আৰু প্ৰমাণিক টীকাকাৰে এইদৰে লিখিছে।

ব্ৰহ্মাধ্যায় সহস্ৰাণাং, শতংচক্ৰে স্ববুদ্ধিজম্।
তন্নাৰদেন শক্ৰেণ গুৰুণা ভাৰ্গবেণচ॥
ভাৰদ্ধাজ বিশালাক্ষ ভীষ্মপাৰাশৰৈস্তথা।
সংক্ষিপ্তং মম্বনাচৈব তথা চান্যৈমৰ্হৰ্ষিভিঃ॥
প্ৰজানামায়ুষো হ্ৰাসং বিজ্ঞাঁয়চ মহত্মনা।
সংক্ষিপ্তং বিষ্ণুগুপ্তেন নৃপানামৰ্থ সিদ্ধয়ে॥*

 অৰ্থাৎ ব্ৰহ্মাই প্ৰথমে এক লাখ অধ্যায়ক নীতিশাস্ত্ৰ সৃষ্টি কৰে। সেই নীতি শাস্ত্ৰকে সংক্ষেপ কৰি ক্ৰমে নাৰদ, ইন্দ্ৰ, বৃহস্পতি, শুক্ৰ, ভাৰদ্বাজ, শিব, ভীষ্ম, ব্যাস, মনু আদি অন্যান্য মহৰ্ষি সকলে নীতিশাস্ত্ৰ প্ৰণয়ন কৰে। লাহে লাহে যেতিয়া মানুহৰ পৰমায়ু কমহৈ আহিবলৈ ধৰিলে, সেই বিলাক বাহুল্য নীতি শাস্ত্ৰ সকলোৰ পক্ষে আয়ত্ত কৰা অসাধ্য হল। তেতিয়া। মহাত্মা চাণক্য আবিৰ্ভূতহৈ সেই বিলাক শাস্ত্ৰৰ সাৰ উদ্ধাৰ।


তেওঁৰ প্ৰণীত নীতিশাস্ত্ৰক উশনস বোলে। মহৰ্শি সকলে ক্ৰমে মানুহৰ পৰমায়ু কমহোৱাৰ লগে লগে এইদৰে নীতিশাস্ত্ৰও সংক্ষেপ কৰিছে।

  • ভগবান শিব, ওক্ৰাচাৰ্য্য, ইন্দ্ৰ, প্ৰজাপতি মনু, ভৰদ্বাজ, গৌৰশিৰা

প্ৰভৃতি ব্ৰক্ষ্মবাদী সকল ৰাজনীতি শাস্তৰ প্ৰণেতা।