পৃষ্ঠা:চাণক্য.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ।• )

 চণ্ডীত লিখা মতে ৰামপতিৰ থকা ঠাই লৌহিত্যৰ উত্তৰপাৰৰ নাৰায়ণপুৰত। তেওঁ এজন কবি আাছিল ; ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত ৰুচিনাথৰ পিতায়েক কৃষ্ণাচাৰ্য্যক *• ৰংপুৰ নগৰলৈ নিয়ে। তাতে ৰুচিনাথৰ জন্ম হয় । ৰুচিনাথে ১৬৮১ শকত চণ্ডীৰ ভাঙ্গণী কৰিছে বুলি সিদ্ধান্ত কৰা হৈছে । ৰামপতি ৰুচিনাথৰ পাঁচ পুৰুষৰ ওপৰ । পূৰাতত্ববিদ পণ্ডিতসকলৰ মতে তিনি পুৰুষত এশ বছৰ ধৰে। সেই দৰে হলে পাঁচ পুৰুষত ১৬৬ বছৰ হয়। তেনে হলে দুয়োৰো ভিতৰত ১৬৬ বছৰৰ আঁতৰ । ১৬৮১-১৬৬ ১৫১৫ শক বা তাৰ অলপ আগপিচ বুলি ৰামপতিৰ সময় অনুমানত ধৰি ল’ব পাৰি। কোনো লোকে ইয়াতকৈ বাহুল্য ৰূপে জানে যদি অনুগ্রহ কৰি যেন জানিবলৈ দিব।

 আজিকালি সংস্কৃত চাণকাত যি ১০৮ অষ্টোত্তৰ শত শ্লোক আছে, এই পুথিত প্রায় বিলাকৰ তাৰ মূল ভাঙ্গণী নহয়। বহুতৰো অলপ নহয় অলপ লৰছৰ আছে। আৰু কোনো কোনো ঠাইত উদাহৰণবিলাকতো একোটা শ্লোকৰ ভাঙ্গণী আছে। কিছুমান একেবাৰে অমিল। কম ভাগৰে-সৈতে হে মূলৰ লগত মিল। পদত যদিও ‘অষ্টোত্তৰ শত শ্লোক কহন্ত চাণক্য। অৰ্থ ভাঙ্গি পদবন্ধে নিবন্ধিলো তাক” বুলি কৈছে, তত্ৰাচ মূল ভাঙ্গণীৰ যি উদাহৰণ স্বৰূপে দেখুৱাইছে তাৰে সৈতে হে ১০৮টা মান শ্লোকৰ পদৰ ভাঙ্গনী হব । মূলৰ লগতে যে ইয়াৰ কিমান অমিল আছে তলত তাৰ গোটাদিয়েক উদাহৰণ স্বৰূপে দিয়া হল।

“অতি দান অতি দৰ্প নুহিকন্ত ভাল ।
অতি ৰূপবৰ্তী কণ্য়া নুহিকন্ত ভাল ॥


  • ভবিষ্য সংগ্ৰহৰ অনুবাদকৰ নামো কৃষ্ণাচাৰ্য্য আছিল।