পৃষ্ঠা:চাণক্য.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৶৹)

ছিল। এখন মাধৱ দাসৰ আৰু আনখন ৰামপতিৰ ভণিত। যদি বাও দুইখনি পুথি প্ৰায় মিলে তথাপি মাধৱ দাসৰ খনিত নকল কৰোতাৰ অনেক অনেক ভূল থকা দেখি। অসমীয়া ভাষাৰ পৰম হিতৈশী শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী এ, এ, কমিচনাৰ মহোদয়ৰ উপদেশ মতে, মই ৺ বামপতিৰ খনকে সাধাৰণৰ আগত প্ৰকাশ কৰিলোঁ। এই খন পুথিত যে নকল কৰোঁতাৰ পাণ্ডি ত্যৰ থোহাভেজাৰ হাত সাৰিছে মই তেনে কথা ক’ব নো খোজো; কিন্তু দুই খনৰ তুলনাত, এই খনি কম দূষিত বুলি বোধ হোৱাত এই খনকে প্ৰকাশ কৰা স্থিৰ কৰিলোঁ৷ দুই এক ঠাইত মাধৱ দাসৰ ভাঙ্গণিও ৰিজাই চাবৰ নিমিত্তে টীকা স্বরূপে দিয়া হৈছে। ৺ৰামপতিৰ ভণিত এখন পুথিৰ ওপষতে নিৰ্ভৰ কৰি এই পুথি প্ৰকাশ কৰিব লগা হোৱাত, পুথি খনিৰ ঠায়ে ঠায়ে ভুল থাকি গল। যদি অসমীয়া জন সাধাৰণৰ অনুগ্ৰহত এই পুথিয়ে দ্বিতীয় তাঙ্গৰণ দেখিবলৈ পায় তেতিয়া আশা কৰোঁ সেই বিলাক দোষ পুথিৰপৰা যথাসাধ্যে গুচাবলৈ চেষ্টা কৰিম।

 ভাঙ্গণিৰ গ্ৰন্থকাৰ ৺ৰামপতিৰ জীৱনী সম্বন্ধেও সম্প্ৰতি তলত লিখা মতে অনুমানিৰূপে ধৰা হল। পাৰিলে পিচৰ তাঙ্গ ৰণত এই অভাৱ পুৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰা যাব।

 “১ম ভাগ ‘উষাৰ ৫ম সংখ্যাত থকা "অসমীয়া সাহিত্য চণ্ডী” নামৰ প্ৰবন্ধত চণ্ডীৰ অনুবাদক ৺ ৰুচিনাথৰ পূৰ্ব্বপুৰুষ এ জনৰ নাম ৺ ৰামপতি আছিল। যদি সেই জন। ৰামপতিয়েই চাণ ক্যৰ অনুবাদক হয় তেনেহলে এওঁৰ জন্ম ঠাই আৰু কোন সময়ত আছিল চণ্ডীত উল্লেখ থকামতে যৎকিঞ্চিৎ আভাস পোৱা যায়।