পৃষ্ঠা:গুৰুচৰিত.djvu/৯০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮৫
সপ্তম খণ্ড

যৈতে লুকাই আছে মাধৱে তৈতে জানি।
কোব দুই মাৰিলন্ত তাৰ পৰা আনি।
কতো বেলি থাকি ভৈলন্ত প্ৰসন্ন।
দয়া কৰি তাঙ্ক পাছে বুলিলা বচন॥ ৪০৯২
যিবা কিছু অশুভত আছিলাহা তই।
তাক সবে গুচাইলোহো আজি হন্তে মই॥
এহিমতে মাধৱে বুলিলা প্ৰিয়বাণী।
তাহাৰ আগৰ পাতিলাহা কুচ খানি॥ ৪০৯৩
হেন কৃপা বাণী শুনি লেখক ককাই।
দিলো বুলি নমস্কাৰ কৰিলন্ত যাই॥
মাধৱে দেখিয়া যাই বচনে আশ্বাসি।
পৰম আনন্দ মনে থাকিলা হৰিষি॥ ৪০৯৪
শুনা সভাসদ মন কৰি উৎসৱ।
দেখা দেখা কেনে দয়া কৃপাল মাধৱ॥
বৈষ্ণৱো বৈষ্ণৱ কৃষ্ণৰ নিজভৃত্য।
ৰাত্ৰি দিনে সমস্ত লোকৰ চিন্তা হিত॥ ৪০৯৫
যাহাক স্মৰণে মহা মোক্ষপদ পায়।
শঙ্কৰ মাধৱ বিনে গুৰু আন নাই॥
শঙ্কৰ মাধৱ দুইকো লোৱা এক কৰি।
নাহিকে সংশয় যাইবা বৈকুণ্ঠ নগৰী॥ ৪০৯৬
দৈৱকীনন্দন বিনে দেৱ আন নাই।
তৰিবা কলিত তান গুণ নাম গাই।

 ৫৬ (খ)