পৃষ্ঠা:গুৰুচৰিত.djvu/৯০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহি কথাখানি পাছ মাধৱে শুনিলা।
মনপুৰ ভৰালীক মাতিয়া আনিলা॥ ৪০৮৬
বোলে কাৰ ভাণ্ডাৰী কহিয়ো মে ত তই।
ভাল কৰি কহিবি শুনিয়া থাকো মই॥
শঙ্কৰৰ গোলাম সমস্ত দেখো আমি।
চক্ষু থাকন্তেও তই নেদেখা তথাপি॥ ৪০৮৭
যাৰে ভাত খাস তাক তই কৰ গুটি।
ক্ষুধা থাকে আধাখাওয়া হৈ যাই উঠি॥
ইসক বৃতান্ত তই কিসক নুবুজ।
কথা যদি আছে কহ কোন সঙ্গে যুজ॥ ৪০৮৮
হেন শুনি মনপুৰে নমস্কাৰ কৰি।
শুনা সাধুসবে কথা আনন্দ লহৰী॥
লিখক ককাই নামে আছে এক ভক্ত।
ভাগৱত পয়াৰক তেহেন্তে লেখন্ত॥ ৪০৮৯
একদিনা দশম স্কন্ধক লেখি আছে।
তিনি গুটি অক্ষৰ পৰিলন্ত পাচে।
মাধৱ দেৱতা যাই দেখিলে তাহাক।
বোলে কি কাৰণে তই লেখি আছে আক॥ ৪০৯০
খঙ্গ দেখি উঠি ককাই অন্তৰি পলাইলা।
সুধা তুলি গোট আছে তাহাত লুকাইলা॥
মাধৱে বোলন্ত আৰে আক কি কৰিবো।
বিচাৰিয়া আনি মই ইহাক কোবাইবো॥ ৪০৯১