পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮২
গুৰুচৰিত

কেনমতে আতাৰ বচন ৰক্ষা পাই।
এহি বুলি মনে এক চিন্তিল উপায়॥ ৪০৭৫
গোসানীৰ মনে যেন নপাৱয় দুখ।
যেনমতে আতায়ে নাপান্ত অসন্তোষ॥
হেডালি কৰিয়া লাউ মাটিত নমাইবো।
সবাৰ মনত আমি তেবেসে থাকিবো॥ ৪০৭৬
হেন কথা মনতে আলচি আছে যাই।
ক্ৰমে গৈয়া পাইলন্ত গোসানীৰ ঠাই॥
আতাক দেখিয়া আই আসনক দিয়া।
লাউ কাটিবাক কথা গোসানীক কৈলা॥ ৪০৭৭
হেন শুনি আই বোলে কাটিয়োক যাই।
তাক লাগি মোৰ মনে কিছো স্পৃহা নাই॥
খানিতেক থাকা আমি ৰান্ধো যাই অন্ন।
লাউ কাটি যাইবা তুমি কৰিয়া ভোজন॥ ৩০৭৮
এহি বুলি আই অন্ন ৰান্ধিবাক গৈলা।
মথুৰা আতাই যাই হেডালি সাজিলা
চালৰ নমাই লাউ হাতে হাতে ধৰি।
হেডালি উপৰে থৈলন্ত ভাল কৰি॥ ৪০৭৯
তাত পাচে গৈয়া অন্ন ভোজন কৰিলা।
হেন দেখি আই বৰ হৰিষ লভিলা॥
নমস্কাৰ কৰি পাচে গোসানীক যাই।
আসিলা মথুৰাদাস মাধৱৰ ঠাই॥ ৪০৮০