পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮১
সপ্তম খণ্ড

দুখ মনে সদায়ে থাকন্ত বসি আই।
ভাগি গৈলা ঘৰ সাজন্তা কেহো নাই॥
হেন কথা মাধৱ মনত আছে জানি।
ভকতসবক পাচে বুলিলন্ত বাণী॥ ৪০৭০
ভকতসকলে যাই খৰ কাটিলন্ত।
ঘৰ সাজিবাক পাচে চলিয়া গৈলন্ত॥
হাতে হাতে ধৰি খুটা কামি বাহ আনি।
সাজিলন্ত সবে গোসানীৰ ঘৰ খানি॥ ৪০৭১
আসিলা মাধৱ পুনু সুন্দৰীদিয়াক।
তাত পাচে যেন ভৈলা কহো শুনা তাক॥
সেহি নৱ ঘৰে আই লাউক তুলিলা।
মাধৱ দেৱতা সেই কথাক শুনিলা॥ ৪০৭২
গোসানীক লাগিয়া কৰিলা ক্ৰোধ মন।
মথুৰাদাসক আনি পাঞ্চিলা তেখন॥
লাউ কাটি গুচা গৈয়া ঘৰ নষ্ট হৈব।
আৰ বাৰাস্তক সাজি তাঙ্ক কোনে দিব॥ ৪০৭৩
হেন শুনি মথুৰাদাস মনত অসুখ।
লাউডালি কাটিলে লাগিব আইৰ দুখ॥
মাধৱে বোলন্ত নিষ্টে বুলিলো বুজাই।
ঘৰক মুকলি কৰিয়োক তুমি যাই॥ ৪০৭৪
হেন শুনি মথুৰা গৈলন্ত তেতিক্ষণ।
বাটে বাটে গুণি তেহো যায় মনে মন।