পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱে বোলম্ত সুৰানন্দ শুনিয়োক।
স্ত্ৰী বা পুৰুষ সমজ্যাতে চাহিয়োক।
হেন শুনি সুৰানন্দ তেতিক্ষণে গৈলা
নটুৱাৰ কাচসব খসাইয়া চাহিলা॥ ৪০৫৯
স্ত্ৰীহেন দেখে সবে পুৰুষৰ অঙ্গ।
তেতিক্ষণে মনৰ গুচিলা সবে ঢঙ্গ॥
মাধৱক প্ৰতি পাচে ভৈলন্ত সন্তোষ।
বোলে তুমি আন নধৰিবা কিছু দোষ॥ ৪০৬০
ৰাজাৰ আদেশে আমি তোমাক ধৰিলো।
মিছা কথা বাদ মাত্ৰ সমস্ত দেখিলো।
মাধৱে বোলত এই ভক্তসমে আমি।
হৰি গুণ গাই থাকো দেখিলাহা তুমি॥ ৪০৬১
হেন শুনি সুৰানন্দ বোলে উঠা যাওঁ।
ৰজাৰ আগত নিয়া তোমাক ভেণ্টাওঁ।
এহি বুলি ধৰখানি পুৰিবাক দিলা।
হেন শুনি যাই পাচে জুইক লগাইলা॥ ৪০৬২
মাধৱে বোলন্ত গুৰুবাক্যক পেলাইলো।
তাতেসে জানিলো ইটো দুখক লভিলো।
পাইলোহো ধিকাৰ মই ঘোৰ মিছা বাদে।
এতেকে জানিলো মোক পাইলেক প্ৰবাদ॥ ৪০৬৩
এহি বুলি ৰাজাৰ নগৰে চলি গৈলা।
বেঙেনাহাটিত সুৰানন্দে নিয়া থৈলা॥