পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭৬
গুৰুচৰিত

পণ্ডিত ব্ৰাহ্মণসব আছে যত যত।
হেন কথা শুনি তাৰাসবো আসিলন্ত॥‌ ৪০৪২
নাম গাইবে হৰি নামক নাচিলন্ত।
নটুৱাক দেখি সবে মোহিত ভৈলন্ত।
যেন কৃষ্ণ বৃন্দাবনে শিশুসব সঙ্গে।
হাতে বেণু মাথে পাখী কৃষ্ণ ফুৰা ৰঙ্গে॥ ৪০৪৩
গৰু চাৰি ফুৰে যেন শিঙ্গা বাশী বাই।
নটুৱা নাচয় সেই ভাৱক দেখাই।
হেন দেখি মাধৱে প্ৰেম সাগৰে মজিলা।
উঠি যাই নটুৱাক সাৱটি ধৰিলা॥ ৪০৪৪
মাটিত পৰিয়া সবে বাগৰি কান্দয়।
দেখি নৰনাৰী সবে হৰি সুমৰয়।
বিহাৰ নাচিয়া যেবে এহিমতে ৰৈলা।
ৰাত্ৰিভাগে আৰো দথি মথন কৰিলা॥ ৪০৪৫
নৰ-নাৰী লোক দেখি কৰন্ত উৎসৱ।
এহিমতে সাঙ্গ কৰিলন্ত মহোৎসৱ।
মাধৱে কৰিলা দান দক্ষিণাক পাচে।
পণ্ডিত ব্ৰাহ্মণলোক আন যত আছে॥ ৪০৪৬
সভা বিসৰ্জিয়া সবে ঘৰা ঘৰি গৈলা।
মাধৱে আপুন গৃহে আনন্দে ৰহিলা॥
তাত অনন্তৰে যেৱে এহিমতে আছে।
ৰাাঘৱেন্দ্ৰ পণ্ডিতে গোচৰ দিলা পাচে॥ ৪০৪৭