পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭৫
সপ্তম খণ্ড

দেখিয়োক লোকসবে ভয় মহিমাক।
গুৰুবাক্য পেলাই আবে কৰে চাটুবাক।
হেন জানি দৰশাওঁ নটুৱাক আবে।
মহিমা দেখিলেক লোক ভজিবেক তেবে॥ ৪০৩৭
এহি কথা আলোচিয়া দুয়োজন লৈলা।
গুৰুবাক্য নকৰিয়া নটুৱা সজাইলা।
বৰ ঘৰ সজাইবোহো ৰঙ্গপাটা মাৰি।
তাক চাহিবাক যেন আসে ৰঙ্গ কৰি॥ ৪০৩৮
শুনিবাক সবে লোকে মহিমা ঘৰৰ।
নাসিবাৰ লোকে আসিবেক নিৰন্তৰ।
এহি কথা আলোচিয়া গণককুছিত।
নটুৱা সজাইবাকলাগি ঘৰ সজাইলন্ত॥ ৪০৩৯
সাজিলন্ত হাটি বাটি শিল্পী কৰ্ম্ম কৰি।
থাকিলন্ত আনন্দে তথাতে মাধৱ গিৰি।
ঘৰ প্ৰতিষ্ঠাক পাচে যতন কৰিলা।
মাধৱদেৱেয়ো পাচে লোকক জনাইলাা॥ ৪০৪০
নটুৱা ঘৰৰ সবে কথা শুনিলন্ত।
কামৰূপৰ লোকসবে ভাগি আসিলন্ত।
বোলে ৰঙ্গীয়াল বৰ নটুৱাক চাইবো।
মাধৱদেৱৰ ঠাই কথাক শুনিবো॥ ৪০৪১
এহি বুলি আসিলন্ত লোক নিৰন্তৰ।
দেখি লোকসবে পাচে ৰঙ্গীয়াল ঘৰ।