পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুনি হেন কাৰ্য বুলিলন্ত ৰাজ
তাহক চাইবে মন।
তোমাৰ লগত দিলো দুই দূত
এতিক্ষণে যাস তই।
আন গৈয়া ধৰি তাইক শীঘ্ৰ কৰি
নিশ্চয় বুলিলো মই॥ ৩১৯২
শুনি দূতগণে গৈয়া তেতিক্ষণ
ৰাজাৰ আজ্ঞাক লৈয়া
শঙ্কৰৰ ঘৰ বাউসী নগৰ
তেখনে পাইলন্ত গৈয়া॥
দূতে কৈলা কথা শুনি হেন তথা
বুঢ়াআইৰ ভৈলা ভয়।
ৰাজাৰ দূতক কথা কহিলন্ত
লাহে লাহে পাচে যাই॥ ৩৯৯৩
শুনি দূতগণে কহিলা তেখনে
সব কথা আইৰ আগে।
তোমাৰ বোৱাৰী মহা সুকুমাৰী
ৰজাক দিবাক লাগে॥
হেন শুনি আই মুখে পানী নাই
কান্দিবে লাগিল দুখে।
পুৰুষোত্তমক ধৰিলা গলত
নিশ্বাস ত্যজিলা মুখে॥ ৩১৯০