পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহিমতে মহোৎসৱ সাঙ্গ যেবে ভৈলা।
ঠাকুৰে দক্ষিণা দান কৰিবাক লৈলা॥
ব্ৰাহ্মণ সজ্জন লোক ঘৰা ঘৰি গৈলা।
দামোদৰ গুৰুক যে মাধৰে বৃুলিলা॥ ৩৯৭০
বোলে কেনমতে গুৰু প্ৰৱৰ্ত্তাহ তুমি।
তিনি গুটি কথা আবে কোৱা শুনো আমি॥
হেন শুনি দামোদৰে কৈলা মাধৱত।
বোলে প্ৰৱৰ্ত্তোহো আমি ভাগৱত মত॥ ৩৯৭১
আৰো দুই গুটি তাক পাচে কহিলন্ত।
হেন শুনি মাধৱে তাহাঙ্ক বুলিলন্ত॥
বৰিষক হৈছে গুৰু বৈকুণ্ঠে যাইবাৰ।
এতেকে লৰিল মতি জানিলো তোমাৰ॥ ৩৯৭২
কাৰ্ম্মিৰ ধৰ্ম্মৰ মত ধৰিলাহা যাই।
কলিযুগে তাক আচৰণে গতি নাই॥
পৰুৱায়ে পাইলে তুমি গুৰুক এৰিলা
অৰণ্যে পশিয়া তুমি পথ হৰুৱালা॥ ৩৯৭৩
এহি বুলি কলা বস্তু একযুৰি দিলা।
নিচাত কৰিয়া তাঙ্ক বচন বুলিলা॥
আপুনাৰ মতে তুমি প্ৰৱৰ্ত্তাহা যাই।
তোমাৰ আমাৰ আৰ সম্ভাষণ নাই॥ ৩৯৭৪
গুৰুৰ কাকম নাসা তাতেসে জানিলো।
তোমাৰ মনৰ কথা আজি আমি পাইলো॥