পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫৮
গুৰু-চৰিত

বসিলন্ত নাৰায়ণে আসনত যাই।
পুছিলন্ত দামোদৰে তান মুখ চাই॥ ৩৯৬৪
আমাৰ থানক তুমি কিসক আসিলা।
নাৰায়ণে শুনি পাচে কহিবে লাগিলা॥
কি কাৰণে পিঠি দিলা গুৰুৰ গৃহক।
ইসব সম্পতি কোনে দিলেক তোমাক॥ ৩৯৬৫
আজিয়ো আছয় খাৰি হাতত তোমাৰ।
পাসৰিলা গুণ সিটো গুৰু শঙ্কৰৰ॥
কাম কৰি ফুৰিলা লোকৰ ঘৰে ঘৰে।
তোমাৰ সিসব দুখ গুচাইলা শঙ্কৰে॥ ৩৯৬৬
পাসৰিলা কেনে তুমি সিসব গুণক।
নমানন্তে যাইবা লাগে গুৰুৰ গৃহক॥
হেন শুনি বিপ্ৰবৰ ভৈলন্ত বিমন।
বোলে মোক আৰু নুসুধিবা নাৰায়ণ॥ ৩৯৬৭
তোমাৰ পাচতে এতিক্ষণে যাওঁ আমি।
খানিতেক আগ হুয়া চলা আবে তুমি॥
হেন শুনি নাৰায়ণে আগ হুয়া গৈলা।
মাধৱদেৱক সবে কথাক কহিলা॥ ৩৯৬৮
অনন্তৰে দামোদৰ গুৰু চলি গৈলা।
আসন পাৰিয়া যাই সভাত বসিলা॥
বাউসী বিলাত ঠাই দলদপ কৰে।
হৰিগুণ নাম নাই ভক্ত নিৰন্তৰে॥ ৩৯৬৯